skip to Main Content

নিৰ্ভয়া কাণ্ডঃ ফাঁচীৰ পুৰ্বে ইচ্ছামৃত্যুৰ আবেদন,আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়লৈ ৩ দোষী

এন.এন ব্যুৰো, ১৬ মাৰ্চঃ ২০ মাৰ্চৰ পুৱা ৫.৩০ বজাত ফাঁচী দিয়া হব নিৰ্ভয়া কাণ্ডৰ দোষীকেইটাক। কিন্তু ইয়াৰ পুৰ্বে দোষীৰ পৰিয়ালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক দিলে ইচ্ছামৃত্যুৰ আবেদন । ইচ্ছামৃত্যুৰ বাবে অনুমতি বিচৰাসকলৰ ভিতৰত চাৰি নৰ পিশাচৰ মাতৃ-পিতৃ, ভাতৃ-ভগ্নী আদিও আছে। ফাঁচীৰ শাস্তি পাবলগীয়া চাৰিওটাৰ হৈ তেওলোকৰ আত্মীয়ই ৰামনাথ কোবিন্দ আৰু ভুক্তভোগীৰ পিতৃ-মাতৃক অনুৰোধ কৰি লিখিছে- ‘’আমাৰ ইচ্ছামৃত্যু দিয়াৰ ফলত ভৱিষ্যতে সকলো ধৰণৰ অপৰাধ ৰোধ কৰিব পৰা যাব আৰু নিৰ্ভয়া কাণ্ডৰ দৰে অন্য এক ঘটনা ৰোধ কৰিব পৰা যাব।‘’

Back To Top