A man allegedly killed his 23-year-old pregnant wife over dowry at Hajo on the outskirts…
নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন সাংবাদিক তৰনী বৰ্মনৰ
এন.এন ব্যুৰো,২৩ ফ্ৰেব্ৰুৱাৰীঃ আজি দিনৰ এক বজাত নৱগ্ৰহ শ্মশানত প্ৰবীণ ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ শেষকৃত্য সম্পন্ন কৰা হয়। মুখ্যমন্ত্ৰী সোনোৱালৰ ঘোষনা ক্ৰমে সম্পূৰ্ণ ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত্য কৰা হয় ক্ৰীড়া পেন্সনাৰ তৰনী কান্ত বৰ্মনৰ। শনিবাৰে অসমৰ প্ৰথমগৰাকী ক্ৰীড়া ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ গুৱাহাটীৰ হায়াট হস্পিতালত মৃত্যু হয়। আজি দিনৰ ভাগত গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম ফটো সাংবাদিক সন্থাই বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয় শ্মশানলৈ। উল্লেখ্য যে তৰনী কান্ত বৰ্মন বিশিষ্ট ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ পিতৃ। মৃত্যুৰ সময়ত বৰ্মনে ইহ সংসাৰত পত্নী, তিনি পুত্ৰ, বোৱাৰী আৰু তিনিগৰাকী নাতিক এৰি থৈ যায়। মৃত্যুৰ সময়ত বৰ্মনৰ বয়স আছিল ৮০ বছৰ।