Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
নৱেম্বৰৰ পৰা বন্ধ হ’ব ৰাজ্যৰ মাদ্ৰাছাসমূহ।
নৱেম্বৰৰ পৰা বন্ধ হ’ব ৰাজ্যৰ মাদ্ৰাছাসমূহ। কিন্তু মাদ্ৰাছা বন্ধ হ’লেও শিক্ষকসকল থাকিবই। কাৰো চাকৰি নাযায়।- এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য, বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। শিৱসাগৰ ভ্ৰমণৰত মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে চৰকাৰী সাধাৰণ শিক্ষালৈ ৰূপান্তৰ হ’ব ৰাজ্যৰ মাদ্ৰাছা শিক্ষা। আধুনিক শিক্ষাৰ বিষয়সমূহ থাকিব। ধৰ্মীয় শিক্ষা নাথাকিব। বৰ্তমানৰ মাদ্ৰাছা নামটোৰ ঠাইত বিদ্যালয় নামেৰে পৰিচিত হ’ব শিক্ষানুষ্ঠানসমূহ। মাদ্ৰাছা ব’ৰ্ড ভংগ কৰি দিয়া হ’ব। ছেবা আৰু কাউন্সিলৰ অধীনত পৰীক্ষা অনুষ্ঠিত হ’ব। উল্লেখ্য যে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাদ্ৰাছা শিক্ষা ব্যৱস্থা বিলুপ্তিকৰণৰ সিদ্ধান্তই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰাৰ সময়তে শুকুৰবাৰে মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ সিদ্ধান্তৰ বিষয়ে দৃঢ়তাৰে সদৰী কৰে।