Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
পঞ্চায়ত নিযুক্তিৰ কেলেংকাৰী : গ্ৰেপ্তাৰ বিজেপি নেতা
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰিত বিজেপি নেতা দিবন ডেকাৰ গ্ৰেপ্তাৰৰ পিছত এইবাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত কেলেংকাৰিতো আন এগৰাকী বিজেপি নেতাক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ অনিল প্লাজাৰ পৰা আৰক্ষীৰ অপৰাধ শাখাই ৰাজীৱ পৰাশৰ নামৰ বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰে। প্ৰায় দুবছৰ পূৰ্বে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। মন্ত্ৰী নৱ কুমাৰ দলেৰ পৃষ্ঠপোষকতাত এই বিভাগটোত ধনৰ বিনিময়ত চাকৰিৰ বজাৰ মুকলি হোৱা বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপত আৰম্ভ হৈছিল তদন্তপ্ৰক্ৰিয়া। ৰাজ্য কঁপোৱা এছ আই কেলেংকাৰিৰ তদন্তৰ সমান্তৰালভাৱে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত সংঘটিত কেলেংকাৰিৰ তদন্তও চলাই থকা হৈছিল। অৱশেষত শাসকীয় দলৰ পৃষ্ঠপোষকতাতে কেলেংকাৰি সংঘটিত হোৱা বুলি প্ৰমাণিত হৈছে। দলৰ নেতা ৰাজীৱ পৰাশৰৰ গ্ৰেপ্তাৰে বিষয়টো স্পষ্ট কৰিছে।