
মৰিগাও জিলাত অৱস্হিত পবিতৰা অভয়াৰণ্য মঙলবাৰে পুনৰ মুকলি কৰা হয়। লকডাউনৰ বাবে বিগত ৬ মাহ বন্ধ হৈ আছিল পবিতৰা অভয়াৰণ্য। পুনৰ মুকলি অনুষ্ঠানত বন মন্ত্ৰী পৰিমল শুক্লবদ্য আৰু স্হানীয় বিধায়ক পিযুষ হাজৰিকা উপস্হিত থাকে। ক’ভিড প্ৰটকল মানি এতিয়াৰে পৰা পৰ্যটকৰ বাবে মুকলি হল পবিতৰা অভয়াৰণ্য।