skip to Main Content

পল আৰ মিলগ্ৰাম আৰু ৰবাৰ্ট বি. উইলছনলৈ অৰ্থনীতিৰ নোবেল

২০২০ বৰ্ষৰ নোবেল বঁটা আগবঢ়োৱা হৈছে পল আৰ মিলগ্ৰাম আৰু ৰবাৰ্ট বি উইলছনলৈ। দীৰ্ঘদিন ধৰি নীলাম তত্ত্বৰ ওপৰত গৱেষণা কৰি নীলাম তত্ত্বত নতুন ধৰণ উদ্ভাবনৰ জৰিয়তে ক্ৰেতা,গ্ৰাহক আৰু কৰৰ বানিজ্যিক ক্ষেত্ৰত লাভালাভৰ দ্বাৰা নীলাম তত্ত্বক এক বিশেষ মৰ্য্যদা প্ৰদান কৰাৰ ফলস্বৰূপে অৰ্থনীতিবিদ দুজনলৈ আগবঢ়োৱা হৈছে অৰ্থনীতিৰ নোবেল বঁটা।

আমেৰিকান অৰ্থনীতিবিদ পল মিলোগ্ৰামৰ জন্ম ১৯৪৮ চনত মিছিগানত। অৰ্থনীতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০০৮ চনত Erwin Plein Prize in Economics, ২০১২ চনত BBVA Foundation Frontiers of Knowledge Award, ২০১৪ চনত Golden Goose Award, ২০১৭ চনত CME MSRI Prize in innovative Quantitative Application, ২০২০ চনত American Economic Association বঁটাৰে সন্মানিত কৰা হৈছিল।

আনহাতে আমেৰিকান অৰ্থনীতিবিদ ৰবাৰ্ট বি উইলছনে ১৯৩৭ চনত জেনেভাত জন্মগ্ৰহণ কৰিছিল। অৰ্থনীতিৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে ২০১৪ চনত Golden Goose Award, ২০১৫ চনত BBVA Foundation Frontiers of Knowledge Award, ২০১৭ চনত CME Group MSRI বঁটাৰে বিভূষিত কৰা হৈছিল।

Back To Top