মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বোকাজান সমষ্টিৰ মাননীয় বিধায়ক ডা: নোমল মমিনে ১ লাখ টকাৰ অনুদান আগবঢ়ায়।…
পাচলিৰে দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি
গাজৰ, বেঙেনাসহ ১২ বিধ পাচলিৰে দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি ! কাণত পিন্ধোৱা হৈছে বিলাহীৰ কাণফুলি।বলুকা শিল্পী সুদৰ্শন পাটনায়কে বালিৰ ওপৰত তেওঁৰ কাৰুকাৰ্যৰ বাবে জনাজাত। এইবাৰ নৱৰাত্ৰিত তেওঁৰ নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন পাচলিৰ দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি। নৱমীত, শিল্পীজনে বালিত মা দুৰ্গাৰ এটা মূৰ্তি নিৰ্মাণ কৰিছিল। সুদৰ্শন পাটনায়কে ১২ প্ৰকাৰৰ পাচলি ব্যৱহাৰ কৰি মূৰ্তিটো নিৰ্মাণ কৰে। ইয়াক চাবলৈ মানুহৰ ভিৰ। ইয়াৰ কেইবাখনো ছবি আৰু ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ হৈছিল। য’ৰ পৰা ই ভাইৰেল হৈছে।