Assam Chief Minister Himanta Biswa Sarma today said he has spoken to megastar Shah Rukh…
পি এম নৰেন্দ্ৰ মোদীৰ পুনৰ মুক্তি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি পি এম নৰেন্দ্ৰ মোদী ২০১৯ চনৰ ২৪ মে’ত ছবিগৃহত মুক্তি লাভ কৰিছিল। ছবিখন পৰিচালনা কৰিছিল উমং কুমাৰ আৰু মূল চৰিত্ৰ অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ চৰিত্ৰ ৰূপায়ন কৰিছিল যশস্ৰী অভিনেতা বিবেক অবেৰয়ে। ছবিনিৰ্মাতাসকলে ঘোষনা কৰিছে যে যিসকলে এই ছবিখন ছবিঘৰত চোৱাৰ পৰা বঞ্চিত হ’ল তেওঁলোকৰ বাবে পুনৰ ১৫ নৱেম্বৰত ছবিঘৰত মুকলি কৰা হ’ব। তেওঁলোকে প্ৰকাশ কৰে যে সৰ্বাত্মক বন্ধৰ পিছত এই ছবিখনে হ’ব বহুলভাৱে সমাদৃত ছবি। ইতিমধ্যে কেন্দ্ৰীয় পৰিবেশ , বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ক’ৰণাৰ সকলো নীতি নিয়ম মানি ১৫ অক্টোবৰৰ পৰা ৫০% দৰ্শকৰ বাবে ছবিগৃহসমূহ মুকলি কৰিবলৈ অনুমতি প্ৰদান কৰিছে। গতিকে ছবিগৃহৰ পুনৰ মুকলিত পি এম নৰেন্দ্ৰ মোদী ছবিখনে দৰ্শকৰ মাজত এক জোৱাৰ আনিব বুলি আশা প্ৰকাশ কৰিছে ছবি নিৰ্মাতাসকলে।