The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
পুনৰ অসুস্থ অখিল গগৈ
এন্. এন্. ব্যুৰ’ , ২ মাৰ্চ : কাৰাগাৰত পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে অখিল গগৈ।জ্বৰ আৰু তীব্ৰ পেটৰ বিষত আক্ৰান্ত হৈছে অখিল গগৈ। বিচনাৰ পৰাই উঠিব পৰা নাই কৃষক নেতাগৰাকীয়ে। অখিল গগৈক চিকিত্সা প্ৰদানত উঠিছে হেমাহীৰ অভিযোগ। উন্নত চিকিৎসা প্ৰদানৰ দাবী কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।উল্লেখযোগ্য যে, যোৱা এসপ্তাহত অখিল গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চাৰিবাৰকৈ ভৰ্তি কৰোৱা হৈছিল ৷ সৰ্বশৰীৰত বিষ, জ্বৰ, প্ৰস্ৰাৱত ইনফেকচন, কিডনী ষ্টোন আৰু পাইলচকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈছে অখিল গগৈ ৷ শনিবাৰে অখিলক চিকিৎসাৰ বাবে লৈ অহা হৈছিল জি.এম্.চি.এইচ. লৈ ৷ প্ৰায় চাৰি ঘন্টা সময়ধৰি জৰুৰীকালীন সেৱাত চোৱা–চিতা কৰাৰ পাছত অখিল গগৈ ক যাবলৈ দিয়া হৈছিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ ৷