The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
পুনৰ চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ ছাৰ্জিল ইমাম
এন.এন ব্যুৰো,২৪ ফ্ৰেব্ৰুৱাৰীঃ নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছত ছাৰ্জিল ইমামক পুনৰ ৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভাবুকি প্ৰদান কৰি ৰাষ্ট্ৰদ্ৰোহ গোচৰত অভিযুক্ত হৈ আছে ছাৰ্জিল ইমাম। তেওঁক এইবাৰ ৪ দিনীয়া জিম্মাত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে সোধা-পোছা কৰিব। ইফালে আৰক্ষীয়ে জিম্মাত লোৱাৰ পাছৰে পৰা সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে ছাত্ৰ নেতাগৰাকী। উল্লেখযোগ্য যে ছাৰ্জিল ইমামৰ বিৰুদ্ধে ইতিমধ্যেই আইপিচিৰ ১৫৩(এ), ১৫৩(বি), ১২৪ (এ) ধাৰাত গোচৰ ৰুজু হৈছে।