Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
পুনৰ ন্যায়িক জিম্মালৈ সঞ্জিত কৃষ্ণ।
চি আই ডিয়ে পুনৰ জিম্মাত নিবিচৰাৰ বাবেই আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে সঞ্জিত কৃষ্ণক।
ইয়াৰ উপৰি এই কেলেংকাৰিত অভিযুক্ত সুৰোজ শৰ্মা, জয়দ্বীপ বৰুৱা আৰু থেংক য়ু ল’জৰ স্বত্বাধিকাৰী অলকেশ বৈশ্যকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।
উল্লেখ্য যে ৰাজ্যৰ মুখ্য সচিবৰ ভাতৃ তথা কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণক চি আই ডিয়ে যোৱা ১৫ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল।
এই কেলেংকাৰিত নাম সাঙোৰ খোৱা অক্ষয় টেলি কমিউনিকেশ্যনৰ ৰুবুল হাজৰিকাৰ স্বীকাৰোক্তিৰ ভিত্তিত সঞ্জীত কৃষ্ণক গ্ৰেপ্তাৰ কৰে।
কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ পৰাই প্ৰশ্ন কাকত ফাদিল হোৱা বুলি CID ৰ আগত ৰুবুল হাজৰিকাই কোৱা বুলি এটা সূত্ৰৰ পৰা জানিব পৰা গৈছিল।
ইয়াৰ উপৰি অভিযোগ অনুসৰি ৪০ লাখ টকাৰ বিনিময়ত ৰুবুলক প্ৰশ্নকাকত ফটো মাৰি লোৱাৰ অনুমতি দিছিল সঞ্জীতে। সেই ফটো বিজেপি নেতা দিবন ডেকালৈ WHATSAPP যোগে ৰুবুল হাজৰিকাই প্ৰেৰণ কৰিছিল বুলিও খবৰ প্ৰকাশ পাইছে।