Guwahati is all set to host its first Indian Premier League (IPL) matches, next month…
পুনৰ বঞ্চিত ৰমেন ডেকাঃ বিজেপিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা
এন.এন ব্যুৰো, ১১ মাৰ্চঃ ২৬ মাৰ্চত অনুষ্ঠিত হ’ব লগা ৰাজ্যসভা নিৰ্বাচনত অসমৰ তিনিখন আসনৰ, প্ৰথমখন আসনত বিজেপিয়ে প্ৰক্ষেপ কৰিব প্ৰাক্তন কংগ্ৰেছী নেতা তথা সাংসদ ভুৱনেশ্বৰ কলিতাক। আজি বিয়লি বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা প্ৰকাশিত ৰাজ্যসভা নিৰ্বাচনৰ আটাইকেইখন ৰাজ্যৰে প্ৰাৰ্থীৰ তালিকাত অসমৰ পৰা অৰ্ন্তভুক্ত হৈছে ভুৱনেশ্বৰ কলিতাৰ নাম। ইফালে, ৰাজ্যসভাৰ দ্বিতীয়খন আসনত বিজেপিয়ে বিপিএফৰ প্ৰাৰ্থী বিশ্বজিত দৈমাৰীক প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাৰ তৃতীয়খন আসনত বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফে উমৈহতীয়াভাৱে, সাংবাদিক অজিত কুমাৰ ভূঞাক প্ৰক্ষেপ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।