skip to Main Content

পৃথিৱীৰ কাষলৈ আহি আছে মঙ্গল : নাছা

  • Tech

চলিত বৰ্ষৰ ৬ অক্টোবৰৰ পৰা পৃথিৱীৰ নিচেই কাষলৈ আহিছে ৰঙা গ্ৰহ মঙল।নিশাৰ আকাশত খালী চকুৰে দেখা যাব এই ৰঙা গ্ৰহ।আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই জানিবলৈ দিয়া অনুসৰি, মঙল গ্ৰহটো পৃথিৱীৰ কক্ষপথৰ পৰা ৩ কোটি ৮৬লাখ মাইল দূৰত বৰ্তমান অৱস্থান কৰি আছে।

বতৰ পৰিষ্কাৰ থাকিলে সম্পূৰ্ণ অক্টোবৰ মাহত গ্ৰহটোক দেখা যাব।উল্লেখযোগ্য যে,প্ৰতি দুবছৰৰ মূৰে মূৰে পৃথিৱীৰ এফালে সূৰ্য আৰু আনফালে মঙল গ্ৰহ কাষ চাপি আহে।

নাছাই জানিবলৈ দিয়া মতে,২০৩৫চনলৈকে ১৫বছৰ কাল মঙল গ্ৰহ পৃথিৱীৰ নিচেই কাষতে থাকিব।ইয়াৰ পূৰ্বে ২০১৮ চনতো মঙল গ্ৰহ পৃথিৱীৰ ওচৰলৈ আহিছিল।

Back To Top