skip to Main Content

প্রেছ ক্লাবৰ নির্বাচনঃ ভোটগ্ৰহণ সম্পন্ন; মাজনিশালৈকে ভোটগণনা

এন.এন ব্যুৰো, ১১ মাৰ্চঃ সুদীর্ঘ ১৮ বছৰ বিৰতিৰ মূৰত আজি অনুষ্ঠিত হ’ল গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ নির্বাচন৷ নির্বাচন বন্ধ কৰিবলৈ প্ৰাক্তন সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়াই চলোৱা সকলো প্রচেষ্টা বুধবাৰে আদালতৰ মজিয়াত ব্যর্থ হোৱাৰ পিছত আজি পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈকে ভোটগ্রহণ কাৰ্য্য সম্পন্ন হ’য়। উল্লেখ্য যে দীর্ঘদিনৰ বিৰতিত অনুষ্ঠিত হোৱা নির্বাচনত মুঠ ৩৬ গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় হৈছে। নিৰ্বাচনটোত মুঠ ভোটাৰ আছিল ৮১৬৷ মুঠ ১০টা পদৰ বাবে অনুষ্ঠিত হৈছে এই নির্বাচন৷ বুধবাৰে নৱ ঠাকুৰীয়াৰ ৫৯/২০২০নং আবেদনৰ শুনানি গ্রহণ কৰি আদালতে ৰায়দান কৰে যে নির্বাচনত স্থগিতাদেশ জাৰি কৰাৰ কোনো যুক্তিসংগত কাৰণ নাই৷ সেয়ে আদালতে স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰে৷ এই খবৰে গুৱাহাটীৰ সাংবাদিক মহলক উৎসাহিত কৰে আৰু গুৱাহাটী প্রেছ ক্লাবৰ হৈ আদালতত যুক্তি প্রদর্শন কৰে জ্যেষ্ঠ অধিবক্তা বিজন মহাজন, নৌছদ আলম আৰু গৌতমজ্যোতি শইকীয়াই। এই বাতৰি প্ৰস্তুত কৰি থকাৰ সময়লৈকে ভোটগণনা অব্যাহত আছে।

Back To Top