After a long bout of serious illness, former Pakistan President and chief of Army staff…
প্ৰথমজন জেমচ বণ্ডৰ মৃত্যু
যশস্ৰী অভিনেতা ছন কনেৰি অৰ্থাৎ প্ৰথম জন জেমচ বণ্ডৰ শনিবাৰে নিশা কেৰিবিয়ান দ্বীপ বাহামাছত বাৰ্ধক্য জনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ। ১৯৮৮ চনত ‘দা আনটাছেবল’ ছবিত কৰা অভিনয়ৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছিল অস্কাৰ বঁটা। ১৯৬২ চনত ড’ ন’ নামৰ ছবিখনত তেওঁ প্ৰথম বাৰৰ বাবে জেমছ বণ্ডৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০০০ চনত স্কটিছ অভিনেতা জনক ব্ৰিটিছ ৰাণী এলিজাবেথে প্ৰদান কৰিছিল নাইট উপাধি। যোৱা আগষ্ট মাহত অভিনেতাজনে উদযাপন কৰিছিল ৯০ বছৰীয়া জন্মদিন।