Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে সবৰমতী জলবিমান বিভাগ
শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত কেন্দ্ৰীয় সবৰমতী জল বিমানকোঠ আৰু জলবিমান সেৱা নামেৰে দুটা প্ৰকল্পৰ উদ্বোধন কৰে। চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৫ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি এই মুকলি কাৰ্য সমাপন কৰা হয়। এই প্ৰকল্পই আহমেদাবাদ আৰু কৱেদিয়াৰ ৪ ঘন্টাৰ প্ৰয়োজন হোৱা ২০০ কি.মি. দুৰত্বক ৪৫ মিনিট সময়ত উৰাজাহাজেৰে ভ্ৰমণ কৰাত সহায় কৰিব। ইয়াৰ দ্বাৰা নিৱনুৱা সংস্হাপনৰ লগতে দেশৰ অৰ্থনৈতিক দিশ টনকিয়াল হ’ব বুলি আশা কৰিছে।