The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
প্ৰবীণ সাংবাদিক তৰনী বৰ্মনৰ দেহাৱসান

এন.এন ব্যুৰো,২২ ফ্ৰেব্ৰুৱাৰীঃ প্ৰবীণ ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ দেহাৱসান ঘটিছে। অসমৰ প্ৰথমগৰাকী ক্ৰীড়া ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ গুৱাহাটীৰ হায়াট হস্পিতালত মৃত্যু হয়। ক্ৰীড়া পেন্সনাৰ তৰনী কান্ত বৰ্মন বিশিষ্ট ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ পিতৃ। মৃত্যুৰ সময়ত বৰ্মনে ইহ সংসাৰত পত্নী, তিনি পুত্ৰ, বোৱাৰী আৰু তিনিগৰাকী নাতিক এৰি থৈ যায়। মৃত্যুৰ সময়ত বৰ্মনৰ বয়স আছিল ৮০ বছৰ।