The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
প্ৰসংগঃ অসম-মিজোৰাম সংঘাত, অমিত শ্বাহৰে আলোচনা
অসম আৰু মিজোৰামৰ চৰকাৰে ৰাজ্যৰ সীমান্তত হোৱা উত্তেজনা সন্দৰ্ভত আলোচনা কৰিবৰ কাৰণে দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে দুয়োখন ৰাজ্যৰ মাজত হোৱা সংঘত বহু লোক আহত হয় । অৱশ্যে সম্প্ৰতি অঞ্চলটোত পৰিস্থিতি সুস্থিৰ হৈছে। PMO আৰু গৃহ মন্ত্ৰণালয়ক এই সন্দৰ্ভত সদৰী কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷
ইপিনে অসম চৰকাৰে সদৰী কৰা অনুসৰি তেওঁলোকে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ লগত ফোনত এই বিষটোৰ সন্দৰ্ভত মত বিনিময় কৰে। আৰু সীমান্ত বিবাদ সমাধানৰ কাৰণে সকলো প্ৰয়াস কৰে ৷জোৰামথাংগাই সোনোৱালক সীমান্তত শান্তি বৰ্তাই ৰখাৰ আশ্বাস প্ৰদান কৰে ।
আনহাতে মিজোৰাম চৰকাৰে সীমান্ত বিবাদৰ সন্দৰ্ভত কেন্দ্ৰৰ লগত মতবিনিময় কৰাৰ পোষকতা কৰে ।আৰু দুয়োখন ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সুস্থিৰ কৰাৰ পৰিপ্ৰেক্ষিতত আজি কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভল্লাৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হ’ব ৷
ইয়াৰ মাজতে ত্ৰিপুৰা আৰু মিজোৰামৰ সীমান্ততো বিগত কিছু দিনৰ পৰা উত্তেজনা বৃদ্ধি পাইছে ৷অৱশ্যে এই বিবাদৰ অন্ত পেলাবলৈ সকলো যাৱতীয় ব্যৱস্থা লোৱা হৈছে ৷