The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
প্ৰাক্তন বিধায়ক ভূৱনেশ্বৰ বৰ্মনৰ মহাপ্ৰস্থান
প্ৰবীণ স্বাধীনতা সংগ্ৰামী তথা প্ৰাক্তন বিধায়ক ভুৱনেশ্বৰ বৰ্মনে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা বৰ্ষীয়ান ৰাজনীতিকগৰাকীয়ে ৯৭ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুবৰণ কৰে। পাটাছাৰকুছি বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল প্ৰয়াত স্বাধীনতা সংগ্ৰামী ভুৱনেশ্বৰ বৰ্মন। ১৯৬৭ চনত ছ’চিয়েলিষ্ট পাৰ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভাৰতৰত্ন ভূপেন হাজৰিকা, দেৱকান্ত বৰুৱা, গৌৰীশংকৰ ভট্টাচাৰ্য, মহেন্দ্ৰমোহন চৌধুৰী, বিষ্ণুৰাম মেধি আদিৰ দৰে প্ৰবাদ প্ৰতীম ব্যক্তিত্বৰ সৈতে একে সময়তে বিধানসভাত প্ৰতিনিধিত্ব কৰিছিল প্ৰয়াত ভুৱনেশ্বৰ বৰ্মনে। ১৯৭৭ চনত জনতা পাৰ্টিৰ আত্মপ্ৰকাশৰ পিছত তেওঁ জনতা পাৰ্টিত যোগদান কৰিছিল। ১৯৭৮ চনৰ বিধানসভা নিৰ্বাচনত জনতা পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল প্ৰয়াত জননেতাগৰাকী। দল-মত নিৰ্বিশেষে সকলো স্তৰৰ ৰাইজৰ অকুণ্ঠ শ্ৰদ্ধা আৰু জনপ্ৰিয়তা লাভ কৰিছিল প্ৰয়াত বৰ্মনে। তেওঁৰ মৃত্যুত পাটাছাৰকুছি সমষ্টিৰ লগতে ৰাজ্যৰ ৰাজনৈতিক মহলক শোকৰ ছাঁ পৰিছে। সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক পবিন্দ্ৰ ডেকাই প্ৰয়াত নেতাগৰাকীৰ অন্তিম প্ৰয়াণত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে।