skip to Main Content

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সংকটমুক্ত৷

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বৰ্তমান সংকটমুক্ত৷গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই সদৰি কৰিছে এই কথা৷ উল্লেখ্ যে অক্টোবৰৰ ২৫ তাৰিখে COVID 19 ৰ পৰা সুষ্ঠ হোৱাৰ পিছত হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছিল৷ কিন্তু যোৱা দেওবাৰে হঠাৎ শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক ততাতৈয়াকৈ GMC ৰ ICU ত ভৰ্তি কৰা হৈছিল৷পিছত তেওঁক কেবাজনো বিশিষ্ট চিকিৎসকৰ দলে চিকিৎসা প্ৰদান কৰে৷GMC কৰ্তৃপক্ষই জনোৱা অনুসৰি তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ আৰু চিন্তাৰ কোনো কাৰন নাই৷

Back To Top