The carcass of a one-horned rhinoceros, allegedly killed by poachers, was detected by the forest…
প্ৰেমিকৰ প্ৰতাৰণা ! প্ৰেমিকাৰ আত্মহত্যা
এন.এন ব্যুৰো, ৯ মাৰ্চঃ হাওৰাঘাটৰ উত্তৰ বৰবিলত অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতি। প্ৰেমৰ প্ৰতাৰণাৰ বলি হৈ এগৰাকী যুৱতীয়ে কৰিলে আত্মহত্যা। দুই বছৰীয়া প্ৰেম কাহিনীৰ অন্তত আত্মহত্যাৰ পথ বাচি ললে এগৰাকী ১৬ বছৰীয়া যুৱতীয়ে। আত্মহত্যাৰ পূৰ্বে ফোন যোগে বাৰ্তালাপ হৈছিল প্ৰেমিক সুমন দাসৰ সৈতে। শনিবাৰে প্ৰেমিকৰ লগত পলাই যোৱাৰ পৰিকল্পনা আছিল যুৱতী গৰাকীৰ। কিন্তু হঠাৎ প্ৰেমিক সুমনৰ এটা ফোন কল অহাৰ পাছতেই ডিঙিত চিপ লৈ আত্মহত্যা কৰে যুৱতী গৰাকীয়ে। যুৱতী গৰাকীৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই প্ৰেমিক সুমন দাসক অভিযুক্ত কৰি উত্তৰ বৰবিল আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে মাতৃয়ে। বৰ্তমান উত্তৰ বৰবিল আৰক্ষীয়ে মাতৃৰ এজাহাৰৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।