The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
পৰমানন্দ ৰাজবংশীক কাষত লৈ কোচ ৰাজবংশীৰ হুংকাৰ
এন.এন ব্যুৰো ২৯ ফেব্ৰুৱাৰীঃ আজি অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ বৰুৱা-লখীমী বৰুৱা সভাকক্ষত অসম সাহিত্য সভাৰ বিদায়ী সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ উপস্হিতিত বিভিন্ন কোচ ৰাজবংশী সংগঠনৰ নেতৃবৰ্গ আৰু একাংশ বুদ্ধিজীৱীয়ে এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলযোগে কোচৰাজবংশী সংগঠনে কিছু দাবী উত্থাপন কৰে। সেই দাবীসমুহ মুলতঃ কোচ ৰাজবংশীৰ জনজাতিকৰণ; কোচ ৰাজবংশীৰ ভূমি অধিকাৰ; কোচ ৰাজবংশীৰ সম্পুৰ্ণ ইতিহাস পাঠ্যক্ৰমত সন্নিবিষ্ট কৰাৰ দাবী।
এই দাবীসমুহ পুৰণ নহলে অসহযোগ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কোচ ৰাজবংশী দল সংগঠনসমুহৰ।