Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
ফল্গুৰ আনন্দত শেনচকু মহানগৰ আৰক্ষীৰ
এন.এন ব্যুৰো, ১০ মাৰ্চঃ মহানগৰীৰ একাংশ আইন ভংগকাৰী লোকৰ বাবে হোলী আনন্দৰ নহয়, হ’ল দুখজনক। কাৰণ হোলীৰ দিনাই মহানগৰীৰ ঠায়ে ঠায়ে যান-বাহন আৰক্ষীয়ে তালাচী চলাই ম্লান কৰিলে এইসকলৰ হোলীৰ আনন্দ। যানবাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গ’ল মহানগৰ আৰক্ষীক। যাৰ বাবে যান বাহন আইন উলংঘা কৰি পথত একাংশ যুৱক-যুৱতী ৰোষত পৰিল মহানগৰ আৰক্ষীৰ। উল্লেখ্য যে হোলীৰ প্ৰথম দিনটোত ক’ৰ’ণা আতংকত মহানগীৰত হোলীৰ আনন্দ ম্লান পৰা দেখা গৈছিল যদিও দ্বিতীয় দিনা সকলো শ্ৰেণীৰ লোককে আনন্দত মতলীয়া হোৱা দেখিবলৈ পোৱা গ’ল।