After a long bout of serious illness, former Pakistan President and chief of Army staff…
ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী হ’ব এগৰাকী ১৬ বছৰীয়া কিশোৰী।
অনিল কাপুৰ অভিনীত ‘নায়ক’ চিনেমাখনৰ দৰেই হুবহু এক ঘটনা ঘটিছে ফিনলেণ্ডত।কিন্তু এই কাহিনী চিনেমাৰ কাহিনী নহয়।এই ঘটনা সত্য আৰু বাস্তৱ।এইবাৰ এটা দিনৰ বাবে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী হ’ব এগৰাকী ১৬ বছৰীয়া কিশোৰী।
মাত্ৰ এটা দিনৰ বাবে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ পোৱা সৌভাগ্যৱান কিশোৰী গৰাকীৰ নাম আভা মুৰ্টো।অহা ১১অক্টোবৰত এটা দিনৰ বাবে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী হ’ব আভা।
ইতিমধ্যে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী চান্না মেৰিনে ৰাষ্ট্ৰসংঘৰ অধীনত চলি থকা নাৰী সৱলীকৰণ,লিংগ বৈষম্য দূৰীকৰণৰ আৰু ছোৱালীৰ অধিকাৰ বিষয়ক সজাগতা অভিযানৰ অংশ হিচাপে ১৬ বছৰীয়া কিশোৰী আভা মুৰ্টোক এটা দিনৰ বাবে প্ৰধানমন্ত্ৰীৰ ক্ষমতা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।
উল্লেখযোগ্য যে,ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীৰ অধীনত ফিনলেণ্ড চৰকাৰে দেশৰ কেইবাটাও সৰ্বোচ্চ পদত কিশোৰী-যুৱতীক নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।
জানিব পৰা মতে,সৌভাগ্যৱান কিশোৰী আভা মাৰ্টোৰ ঘৰ দক্ষিণ ফিনলেণ্ডৰ এখন গাঁৱত।তেওঁ জলবায়ু পৰিৱৰ্তন আৰু মানৱ অধিকাৰৰ এগৰাকী সক্ৰিয় কৰ্মী।““““““““““““““““““““““““““““““““““““““““““““““““““““““““““““““““““““““““““““““““““““`