skip to Main Content

ফিফাৰ ৰেফাৰী নিৰ্বাচিত মেঘালয়ৰ মহিলা আৰক্ষী৷


মেঘালয়ৰ এগৰাকী আৰক্ষী কনিষ্টবল ফিফাৰ আন্তৰাষ্ট্ৰীয় ৰেফাৰী নিৰ্বাচিত হোৱাত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ফুটবল প্ৰেমীলৈ গৌৰৱ কঢ়িয়াই আনিছে৷মেঘালয়ৰ জোৱাই টাউন ৱেষ্ট জয়ন্তীয়া হিলছৰ বাসীন্দা তথা মেঘালয় আৰক্ষীৰ মহিলা কনিষ্টবল ৰিহোলাং ধৰে ফিফাৰ ৰেফাৰী নিৰ্বাচিত হৈছে৷ফিফাৰ ৰেফাৰী নিৰ্বাচিত হোৱা ধৰক ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়েও শুভেচ্ছা জ্ঞাপন কৰিছে৷

Back To Top