The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
বগাৰ বাবে ফ্ৰী, হালধীয়াৰ বাবেহে টোল
এন.এন ব্যুৰো,২৯ ফ্ৰেব্ৰুৱাৰীঃ ৰহাৰ টোল গেটত অহা ১ মাৰ্চৰ পৰা কৰ সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ হব৷ প্ৰথম পৰ্যায়ত বানিজ্যিক বাহনৰ পৰাহে টেক্স সংগ্ৰহ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷ নগাঁও জিলাৰ উপায়ুক্ত যাদব শইকীয়াই শণিবাৰে এই কথা ব্যক্ত কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ একাংশ নেতা কৰ্মীৰ আগত। ইতিমধ্যে ৰহাৰ টোল গেটত প্ৰয়োজনীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই৷ ইফালে ৰহাৰ টোল গেটত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাকৈ কোনো কাৰণতে কৰ সংগ্ৰহ কৰিবলৈ দিয়া নহ’ব বুলি পুনৰ বাৰ হুংকাৰ দিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , কৃষক মুক্তি সংগ্ৰাম সমিতিকে প্ৰমুখ্য কৰি বহু কেইটা জাতীয় সংগঠনে।