A criminal has succumbed to his injuries after facing the heat of angry locals at…
বঙাইগাঁও মহাবিদ্যালয়ত ক’ৰোণা সংক্ৰান্তীয় সজাগতা সভা
এন.এন ব্যুৰো, ১৪ মাৰ্চঃ মহিলাকোষ তথা সাংস্কৃতিক একাডেমী আৰু বঙাইগাঁও মহাবিদ্যালয়ে বঙাইগাঁও ৰʼটাৰী ক্লাবৰ সহযোগত অলপতে আয়োজন কৰে ক’ৰোণা ভাইৰাচ সংক্ৰান্তিয় এক সজাগতা সভাৰ। উক্ত সভাত ক’ৰোণা ভাইৰাচৰ পৰা ৰক্ষা পাবলৈ ল’বলগীয়া সাবধানতাৰ বিষয়ে কিছু আলোচনা কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডা: ধৰ্মেশ্বৰ হাজৰিকা আৰু ডা: ফিৰোজ আহমেদ। লগতে উপস্থিত থাকে মহাবিদ্যালয়খনৰ অধ্যক্ষা তৰুলতা ভাগৱতী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকল। ছাত্ৰ-ছাত্ৰী সকলে সংগীত, নৃত্য আদিৰ পৰিবেশনেৰে সজাই তোলা অনুষ্ঠানটিত প্ৰতিজন বক্তাই কʼৰোণা ভাইৰাচৰ পৰা ৰক্ষা পাবলৈ ল’বলগীয়া সাবধানতা আৰু সজাগতাৰ ওপৰত আলোকপাত কৰে।