A woman was found inside a box in Guwahati’s Lalung Gaon on Thursday evening, June…
বটদ্ৰৱাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্রীয় কাৰ্যনিৰ্বাহক সভা
এন.এন ব্যুৰো, ১৫ মাৰ্চঃ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্রীয় কাৰ্যনিৰ্বাক সভা। সদৌ অসম কৰ্মচাৰী পৰিষদৰ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত আজি অনুষ্ঠিত নতুন কাৰ্যনিৰ্বাক সভাৰ আৰম্ভনিতে আদৰণি ভাষণ আগবঢ়ায় ধিং ৰাজহ চক্রৰ চক্র বিষয়া অজিত শৰ্মাই। সদৌ অসম কৰ্মচাৰী পৰিষদৰ নবনির্বাচিত সভাপতি প্ৰদীপ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ প্রথম খন কাৰ্যনিৰ্বাক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্রহণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি শ্ৰী শ্ৰী শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্র নাৰায়ণ দেৱমহন্ত আৰু শ্ৰী শ্ৰী নোৰোৱা সত্ৰ তথা বটদ্ৰৱা থানৰ পৰিচালনা সমিতিৰ সভাপতি পৰমানন্দ দেৱগোস্বামীয়ে কৰ্মচাৰী সকলক উদ্দেশ্যি মন্তব্য আগবঢ়ায়। আজিৰ এই অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতা, সম্পাদক প্ৰধান মৃনাল ৰাজ, উপ সভাপতিদ্বয় দীপেন শৰ্মা, নৃপেন ভূঞা আৰু শৰৎ দাসকে ধৰি বহু সংখ্যক কৰ্মচাৰী উপস্থিত থাকে।