Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
বড়োভূমিত ৰাজনীতিৰ উত্তাপঃঘোষণা হ’ল বিটিআৰ নিৰ্বাচনৰ দিন
এন.এন ব্যুৰো, ১১ মাৰ্চঃ ৰাজ্যিক নিৰ্বাচন আয়োগে আজি ঘোষণা কৰে বিটিআৰ নিৰ্বাচনৰ দিন। ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ ভোটগ্ৰহণৰ ফলাফল ঘোষণা কৰা হ’ব ৮ এপ্ৰিলত। ১৮ মাৰ্চ হ’ব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। ১৯ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। ২১ মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ইফালে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বৰে পৰাই বড়োভূমিত অব্যাহত আছে ৰাজনৈতিক ধুমুহা। ত্ৰিকোণীয় যুঁজ হোৱাৰো সম্ভাৱনা আছে এইবাৰৰ বিটিআৰ নিৰ্বাচনত। উল্লেখ্য যে বৰ্তমান শাসনত থকা বিপিএফ, প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল আৰু নৱ শৰণীয়াৰ নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ মাজতেই হ’ব মূল নিৰ্বাচনী যুঁজ; গুৰুত্বপুৰ্ণ ভূমিকা থাকিব বিজেপিৰো।ইতিমধ্যে নিৰ্বাচন আয়োগে ৫২১ টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি ঘোষণা কৰিছে।