The carcass of a one-horned rhinoceros, allegedly killed by poachers, was detected by the forest…
বলিউদৰ প্ৰখ্যাত অভিনেতা ইমতিয়াজ খানৰ দেহাৱসান
এন. এন. ব্যুৰো ১৭ মাৰ্চঃ সোমবাৰে বলীউডৰ প্ৰখ্যাত অভিনেতা ইমতিয়াজ খানৰ ৭৮ বছৰ বয়সত মৃত্যু হয়। অভিনেতা ইমতিয়াজ খান গব্বৰ ৰূপে খ্যাত আমজাদ খানৰ ভাতৃ আৰু বিখ্যাত ধাৰাবাহিক অভিনেত্ৰী কৃত্তিকা দেশাইৰ স্বামী আছিল । অভিনেতা ইমতিয়াজ খানে ১৫ অক্টোবৰ, ১৯৪২ চনত পেচোৱাৰত জন্মগ্ৰহণ কৰিছিল । তেওঁ চলচ্চিত্ৰৰ সৈতে জড়িত হোৱাৰ পাছতে নিজৰ নাম জকৰিয়ন খানৰ পৰা ইমতিয়াজ খানলৈ সলনি কৰিছিল ।উল্লেখ্য যে ‘য়াদো কি বাৰাত’, ‘প্যাৰা দোস্ত’ আৰু ‘নুৰজহা’ৰ দৰে ছবিৰ বাবে ইমতিয়াজ খান জনাজাত আছিল । অভিনেতাজনৰ মৃত্যুত বলীউডৰ সকলো অভিনেতা-অভিনেত্ৰীয়ে শোঁক প্ৰকাশ কৰিছে ।