Representative Image The Guwahati Police have arrested a 60-year-old man for allegedly raping a minor…
বহিঃ ৰাজ্যত মৃত্যু গুৱাহাটীৰ যুৱক
বহিঃ ৰাজ্যত মৃত্যু গুৱাহাটীৰ যুৱক।
গুৱাহাটীৰ পৰা কেৰেলালৈ কাম বিচাৰি গৈছিল যুৱক জন।
মৃত যুৱক জনৰ নাম হৈছে নমল ৰাজবংশী।
ৰাজা আৰু অৰ্জুন দুই যুৱকৰ লগত গৈছিল মৃত নমল ৰাজবংশী।
দুই বন্ধুৰ বিৰুদ্ধে হত্যাৰ অভিযোগৰ পৰিয়ালৰ লোকৰ।
মৃত যুৱক জনৰ ঘৰ ফটাশিল আমবাৰী ।পৰিয়ালৰ লোকৰ আহ্বান, মৃতদেহ উভতাই আনিবলৈ সহায় কৰক চৰকাৰে।
বায়েকলৈ ফোন কৰি কৈছিল, লগৰ কেইটাই মাৰি পেলাব বুলি।
তাৰ পিছত অচিনাকি নম্বৰৰ পৰা video call কৰি দেখুৱাইছিল ভায়েকৰ আঘাতপ্ৰাপ্ত শৰীৰ।
তাৰ পিছত চেন্নাইৰ থানাৰ পৰা ফোন কৰি জনোৱা হ’ল নোমলৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি।
পাচ বছৰীয়া আৰু ন বছৰীয়া দুটা ল’ৰা আছে মৃত নমলৰ।