In a tragic incident a student of class 11 was killed in a hit-and-run accident…
বিজেপিৰ বিতৰ্কিত পালিনেতা দুৰ্লভ নাথক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে
লখিমপুৰৰ বিজেপিৰ বিতৰ্কিত পালিনেতা তথা বিজেপিৰ আইটিচেলৰ নেতা দুৰ্লভ নাথক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ মঙলবাৰে নিশা আজাদৰ বাসগৃহত সদৰ আৰক্ষীৰ অভিযান কালত পলায়ন কৰিছিল দুৰ্লভে৷
বিভিন্ন সময়ত সংবাদ মাধ্যমকো আক্ৰমণ কৰি ফেচবুকত বিতৰ্কিত মন্তব্যৰে পৰিবেশ বিনষ্ট কৰা দুৰ্লভে শেহতীয়াকৈ আহোম সম্প্ৰদায়ৰ ওপৰত দিছিল বিতৰ্কিত পোষ্ট৷ আহোম সম্প্ৰদায়ক “গেদা”ৰ লগত তুলনা কৰি ইতিকিং কৰাৰ বাবে মঙলবাৰে টাই আহোম যুৱ পৰিষদে উত্তৰ লখিমপুৰ সদৰ থানাত এক গোচৰ তৰিছিল৷
এই গোচৰৰ ভিত্তিতে মঙলবাৰে নিশা দুৰ্লভৰ ঘৰত আৰক্ষীয়ে অভিযান চলাইছিল৷ ইয়াৰ পূৰ্বেও জিলা ছাত্ৰ সন্থাৰ ফালৰ পৰা এই বিতৰ্কিত দুৰ্লভ নাথৰ ওপৰত বহুবাৰ আৰক্ষীক গোচৰ দিছিল৷ কিছুদিন পূৰ্বে ঠিকাৰ নামতো সতীৰ্থ বিজেপি কৰ্মীৰ পৰা লক্ষাধিক ধন আদায় কৰাৰ ঘটনা পোহৰলৈ আহিছিল দুৰ্লভৰ বিৰুদ্ধে৷ সম্প্ৰতি উত্তৰ লখিমপুৰ সদৰ থানাত আছে বিজেপিৰ বিতৰ্কিত পালিনেতাজন৷