The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
বিজেপি কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা
কামৰূপ জিলা ৰঙিয়াত দুদিনীয়া কাৰ্যসূচীৰে অহা ১৬ আৰু ১৭ অক্টোবৰত অনুষ্ঠিত হ’ব অসম প্ৰদেশ বিজেপি কিষান মৰ্চাৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। ৰাজ্যিক কিষান মৰ্চাৰ ৪৫ খন জিলা সমিতিৰ প্ৰতিখন জিলাৰ পৰা ৩ জনকৈ প্ৰতিনিধিৰ লগতে ৰাজ্যিক কিষাণ মৰ্চাৰ বিষয়ববীয়া আমন্ত্ৰিত সদস্য আৰু নিমন্ত্ৰিত অতিথিসকলে অংশগ্ৰহণ কৰিব লগা উক্ত কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্ত্ততি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই দুদিনীয়া সাংগঠনিক সভাত উপস্হিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, নেদাৰ আহ্বায়ক তথা মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা , ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া , কিষান মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজকুমাৰ শ্বাহ, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস প্ৰমূখ্যে শীৰ্ষ পৰ্যায়ৰ কেইবাজনো নেতা।