skip to Main Content

বিজয়া দশমীত ইন্দিৰা গান্ধীলৈ মনত পৰিল মোদীৰ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়া দশমীৰ দিনটোত দিনৰ বজাত মন কি বাত অনুষ্ঠানৰ ৭০ নং সংস্কৰণৰ যোগেদি দেশবাসীক সম্বোধন কৰে । অনুষ্ঠানত বিজয়া দশমী উপলক্ষে সকলোকে শুভেচ্ছা জনায় মোদীয়ে কয়, “দশৰা সংকটৰ সময়ত ধৈৰ্যক জয়ী কৰাৰ উৎসৱ । সকলোৱে এনে পৰিস্থিতিৰ সময়ত দুৰ্গোৎসৱ পালন কৰিছে। ক’ভিড ১৯ৰ যুঁজখনত আমিও যুজঁ দিছো, আমাৰ জয় নিশ্চিত । আমি উৎসৱ পালনৰ সময়ত সীমা ৰক্ষাৰ বাবে নিয়োজিত সৈনিকসকলক মনত ৰখা উচিত । সেয়ে প্ৰত্যেকৰে ঘৰত তেওঁলোকৰ বাবে এগছি চাকি জ্বলাব লাগে।”

অনুষ্ঠানত মোদীয়ে দেশেৰ যুৱ প্ৰজন্মক মাৰ্চিয়েল আৰ্ট শিকিবলৈ পৰামৰ্শ দিয়ে । শেষত তেওঁ কয় যে, ‘একতাই শক্তি আৰু একতাই ক্ষমতা।’ দেশবাসীক চৰকাৰৰ দ্বাৰা সঞ্চালিত ৱেবচাইট ekbharat.gov.in ৱেবচাইটৰ যোগেদি ৰাষ্ট্ৰীয় একতাকৰণ প্রয়াসক সমৰ্থন জনাবলৈ আহ্বান জনায় । আনহাতে, মন কি বাত অনুষ্ঠানত দেশৰ প্রাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৰণ কৰে ।

Back To Top