skip to Main Content

বিদেশী পৰ্যটকৰ বাবে ভাৰতৰ দ্বাৰ মুকলি


ভাৰতৰ গৃহ মন্ত্ৰালয়ে সিন্ধান্ত লৈছে যে অতি শীঘ্ৰে ভাৰতৰ পৰ্যটনৰ দ্বাৰ সমূহ খুলি দিয়া হ’ব। বৃহস্পতিবাৰে মন্ত্ৰালয়ে কয় যে প্ৰবাসী ভাৰতীয়ৰ লগতে ভাৰতীয় লোকসকলে ভাৰতৰ সৈতে বা আন দেশৰ সৈতে যিকোনো কাৰণত অহা যোৱা কৰিব পাৰিব। শুকুৰবাৰৰ সিন্ধান্ত মতে বিদেশী ব্যক্তিয়েও ব্যৱসায়, কৰ্মসংস্হান, অধ্যয়ন , গৱেষণা, চিকিৎসা আদি বিভিন্ন কাৰণত ভাৰতলৈ আহিব পাৰিব। যিহেতু ভাৰতলৈ বা ভাৰতৰ পৰা বিমান দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছিল সেয়েহে শুকুৰবাৰৰ নিৰ্দেশ অনুসৰি বন্দে ভাৰত মিচনৰ উদ্যোগত বায়ু পথসমূহ মুকলি কৰা হ’ব। ইলেকট্ৰনিক, চিকিৎসা আৰু পৰ্যটনৰ বাদে বাকী সকলো ভিছাৰ বাবে ভাৰতে যাৱতীয় সকলো কাম আৰম্ভ কৰিব। আনহাতে ম্যাদ উকলি যোৱা ভিছাৰ বাবে নতুন ভিছা প্ৰস্তুতিৰ কাম আৰম্ভ হ’ব। মুঠৰ ওপৰত কভিডৰ নীতি নিয়ম মানি পৰ্যটনৰ বাবে ভাৰতৰ দ্বাৰ সমূহ আগৰ দৰে মুকলি কৰা হ’ব।

Back To Top