The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
বিধানসভাৰ প্ৰশ্নোত্তৰ কালঃ পুনৰ শক্তিশালী ৰুপত মন্ত্ৰী হিমন্ত বিশ্ব
এন.এন ব্যুৰো, ১২ মাৰ্চঃ বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰশ্নোত্তৰ কালত আজি সদনৰ মজিয়াত পুনৰবাৰ শক্তিশালী ৰুপত দেখা গল মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। বিভিন্ন বাজেট প্ৰস্তাৱ আৰু অন্য চৰকাৰী প্ৰস্তাবৰ ওপৰত উত্থাপিত প্ৰতিটো প্ৰশ্নৰে আজি স্পষ্ট উত্তৰ দিয়ে মন্ত্ৰী ড০ শৰ্মাই। এই প্ৰসংগতে তেওঁ দোহাৰে যে চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা নচলোৱাৰ আদৰ্শৰেই সংস্কৃত টোল আৰু মাদ্ৰাছাসমূহ বন্ধ কৰাৰ সিদ্ধান্ত অহা ১৫ আগষ্টৰপৰা কাৰ্যকৰী হ’ব। অৱশ্যে টোল বন্ধ হলেও সংস্কৃতৰ চৰ্চ্চা বন্ধ নহয় বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।