skip to Main Content

বিধানসভাৰ পৰা বহিস্কৃত ৰূপজ্যোতি, কমলাক্ষঃ লোকসভাৰ পৰা বহিস্কৃত হল গৌৰৱ গগৈ

এন.এন ব্যুৰো, ৫ মাৰ্চঃ বিধানসভাৰ মজিয়াৰ পৰা বহিস্কৃত হ’ল দুই কংগ্ৰেছী বিধায়ক কমলাক্ষ’ দে’ পুৰকায়স্থ আৰু ৰূপজ্যোতি কুৰ্মী। উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তৰ দি থকা সময়তে বন্ধ হৈ থকা চাহ বাগিচা আৰু উদ্যোগ সন্দৰ্ভত সোধা প্ৰশ্নত তৰ্ক যুদ্ধত লিপ্ত হৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাত বিধানসভাৰ অধ্যক্ষই মাৰ্ছেল লগাই বহিস্কাৰ কৰে দুয়োজন বিধায়কক। বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ক্ষোভ উজাৰি কয় যে আজি আমাক সভাৰ পৰা উলিয়াই দিছে, কিন্তু অসমৰ ৰাইজৰ বুকুৰ পৰা আমাক কেতিয়াও উলিয়াব নোৱাৰে। লগতে চৰকাৰক সমালোচনা কৰি কয় যে এই চৰকাৰে জনসাধাৰণক প্ৰতাৰণা কৰি, নিয়োগৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰিলে। ৰাজ্যত এটাও চাকৰি নোহোৱা হ’ল। ইয়াৰ প্ৰত্যুত্তৰ আগন্তক নিৰ্বাচনত ৰাইজে দিব। ইফালে নিজৰ আচৰনৰ বাবে লোকসভাৰ পৰা বহিস্কৃত হ’ল সাংসদ গৌৰৱ গগৈৰ লগতে অন্য সাত গৰাকীকৈ কংগ্ৰেছী সাংসদ। বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যক্ৰমণিকাত অংশ লব নোৱাৰিব এওঁলোকে।

Back To Top