The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
বিপদ সমাগত দেৱ’লাল গাৰ্লোচাৰ
বিপদ আঁতৰা নাই ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱ’লাল গার্লোছাৰ৷ মুখ্য কার্যবাহী পদৰ পৰা অপসাৰণৰ আর্জিৰে দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু দেৱ’লাল গার্লোছাক তিনি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছে৷ কেইবাটাও গোচৰৰ চার্জশ্বীটত নাম উল্লেখ থকাৰ পিছতো কিদৰে তেওঁ সাংবিধানিক পদত অধিষ্ঠিত হৈ আছে বুলি প্রশ্ণ উত্থাপন কৰি উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল ৰাজহুৱা স্বার্থজড়িত আবেদনখন৷ এই সন্দর্ভত উচ্চতম ন্যায়ালয়ৰ পূর্বৰ নির্দেশনাৰ ভিত্তিত গার্লোছাক অপসাৰণৰ নির্দেশ দিবলৈ ন্যায়ালয়ত প্রার্থনা জনাইছে আবেদনকাৰীয়ে৷ উল্লেখ্য যে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ দুই প্রাক্তন নেতা নিন্দু–পূর্ণেন্দু লাংথাছাৰ হত্যাকাণ্ডৰ গোচৰত নাম সাঙোৰ খাই পৰিছিল৷ তদুপৰি গার্লোছাৰ বিৰুদ্ধে ৰুজু হৈ আছে আন কেইবাটাও ‘ক্রিমিনেল’ গোচৰ৷
এই গোচৰসমূহতো চার্জশ্বীটত অভিযুক্ত হিচাপে নাম উল্লেখ আছে দেৱ’লাল গার্লোছাৰ৷ যাৰ পৰিপ্রেক্ষিতত তেওঁক ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য পদৰ পৰা অপসাৰণৰ দাবী উত্থাপন হৈ আহিছে৷ ইয়াৰ পূর্বে উচ্চ ন্যায়ালয়ে এই গোচৰটোৰ শুনানি গ্রহণ কৰি গার্লোছাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ সবিশেষ তথ্য দাখিলৰ নির্দেশ দিছিল ৰাজ্য চৰকাৰক৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে নিন্দু–পূর্ণেন্দু লাংথাছা হত্যাকাণ্ডৰ গোচৰৰ তদন্ত যথেষ্ট দীঘলীয়া হোৱাত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল৷ ৰাজ্য চৰকাৰে গার্লোছাৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্রদান নকৰাৰ বাবে তেওঁৰ বিৰুদ্ধে চার্জশ্বীট পর্যন্ত দাখিল কৰিব পৰা নাছিল৷ অৱশেষত উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হোৱাত ৰাজ্য চৰকাৰে গার্লোছাৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্রদান কৰে৷ ইয়াৰ পিছতে তদন্তকাৰী আৰক্ষীয়ে উক্ত গোচৰটোত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্যজনৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰিছিল৷