Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
বিবাহৰ কাৰণে ধৰ্ম পৰিৱৰ্তনত বাধা আদালতৰ
এতিয়াৰ পৰা আপুনি কেৱল বিবাহৰ কাৰণে ধৰ্মৰ পৰিৱৰ্তন কৰিব নোৱাৰে। এই শুনানি দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে ৷
উচ্চ ন্যায়ালয়ে পূৰ্বৰ আবেদনৰ উল্লেখ কৰি এই শুনানি প্ৰদান কৰিছে ৷
বিগত সময়ত এগৰাকী মুছলমান ধৰ্মৰ মহিলাই হিন্দু ধৰ্মৰ যুৱকৰ লগত বিবাহ পাশত আৱদ্ধ হ’ব কাৰণে বিবাহৰ এমাহ পূৰ্বে ধৰ্মৰ পৰিৱৰ্তন কৰিছিল ।
কিন্তু ন্যায়ালয়ৰ এক বিচাৰপীঠৰ ন্যায়াধীশ মহেশ চন্দ্ৰ ত্ৰিপাঠীয়ে ২৩ ছেপ্তেম্বৰত বিবাহিত দম্পতীহালৰ Writ Petition ক খাৰিজ কৰে।দম্পতীহালে তেওঁলোকৰ বিবাহিত জীৱনত যাতে পৰিয়ালৰ লোকৰ কোনো হস্তক্ষেপ থাকিব নোৱাৰে তাৰ কাৰণে আদালতত আবেদন কৰিছিল৷
ন্যায়াধীশ মহেশ চন্দ্ৰ ত্ৰিপাঠীয়ে সকলো কথা পুংখানুপুংখভাৱে অধ্যয়ন কৰি জানিব পাৰে যে যুৱতীগৰাকীয়ে কেৱল বিবাহৰ কাৰণেহে ধৰ্মৰ পৰিৱৰ্তন কৰিছিল।
গতিকে এই সন্দৰ্ভতে এলাহাবাদ উচ্চ ন্যায়ালয়ে শুনানি দিয়ে যে কেৱল বিবাহৰ কাৰণে ধৰ্মৰ পৰিৱৰ্তন কৰিব নোৱাৰে।