The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
বিশিষ্ট সংগীত শিল্পী অনুপম চৌধুৰীলৈ ২০২০ বৰ্ষৰ জয়ন্ত হাজৰিকা সংগীত বঁটা
যশস্ৰী সংগীত শিল্পী জয়ন্ত হাজৰিকাদেৱৰ ৪৬ তম্ সোৱৰণী দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু সুৰ বাহিনীৰ সহযোগত অনুষ্ঠিত হ’ব মন চাতকৰ কণ্ঠ। উক্ত অনুষ্ঠানটি ৰবীন্দ্ৰ ভৱনত ১৬ অক্টোবৰ তাৰিখে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব। গীত মাতে উদযাপন হ’বলগীয়া উক্ত অনুষ্ঠানত
জয়ন্ত হাজৰিকাৰ স্মৃতিত সুৰ সন্ধানে আগবঢ়াব ২০২০ বৰ্ষৰ জয়ন্ত হাজৰিকা সংগীত বঁটা অনুপম চৌধুৰী দেৱক। সংগীতৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰদান কৰা হ’ব এই বঁটা।