The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
বিশ্বজিৎ ৰয়ৰ ৰণহুংকাৰ
কোঁচ ৰাজবংশীৰ জাতীয় সন্মিলনৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰয়ে সোমবাৰে কয় যে কোনো ৰাজনৈতিক দলে বড়োলেণ্ড স্বায়ত্ত শাসনত কোঁচ ৰাজবংশী লোকসকলক অগ্ৰাধিকাৰ নিদিয়াকৈ বিটিচি নিৰ্বাচনত জয়ী হ’ব নোৱাৰে। তেওঁ উল্লেখ কৰে যে ইতিমধ্যে কোঁচ ৰাজবংশীয়ে বিটিচি নিৰ্বাচনৰ বাবে যথেষ্ট গুৰুত্ব বহন কৰিছে।
তেওঁ কয় যে কোঁচ ৰাজবংশী জাতীয় সন্মিলনৰ একমাত্ৰ উদ্দেশ্য হৈছে যে কোঁচ ৰাজবংশী ছাত্ৰ সংগঠনৰ সংগ্ৰাম আগবঢ়াই লৈ যোৱা। পৃথক কমতাপুৰৰ বাবে তেওঁলোকৰ যি সংগ্ৰাম সেয়া তেওঁলোকে অব্যাহত ৰাখিব। তেওঁ কয় যে ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ আগে আগে কেন্দ্ৰীয় চৰকাৰে অনূসূচিত জনজাতিসমূহক স্বীকৃতি দিব। ৰয়ে ওদালগুৰি আৰু বাক্সাৰ কোঁচ ৰাজবংশী লোকসকলক জনজাতি মৰ্য্যাদা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।