skip to Main Content

বিহাৰত চৰকাৰ কাৰ ? প্ৰকাশ পালে C ভোটাৰৰ সমীক্ষা

বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈ গৈছে।

অহা ২৮ অক্টোৱৰৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হবলগীয়া ২৪৩ জনীয়া বিহাৰ বিধানসভা নিৰ্বাচনত ১৩৫-১৫৯ খন আসন লাভ কৰি এনডিএই চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি এবিপিৰ চি-ভোটাৰ সমীক্ষাত প্ৰকাশ পাইছে।

সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি বিজেপিৰ বিজয়ৰ পথ ৰুদ্ধ কৰিবলৈ গঠন কৰা মহাজোঁট বন্ধনে ৭৭-৯৮ খন আসনতে সন্তুষ্ট থাকিব লাগিব।

চিৰাগ পাচোৱান নেতৃত্বাধীন লোক জনশক্তি পাৰ্টীয়ে খুব বেছি ১-৫ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

বিজেপি নেতৃত্বাধীন এনডিএই ৪৩ শতাংশ ভোট পোৱাৰ সম্ভাৱনা থকাৰ বিপৰীতে মহাজোঁট বন্ধনে পাব পাৰে ৩৫ শতাংশ ভোট।

চি-ভোটাৰ সমীক্ষা অনুসৰি বিজেপিয়ে অকলে ৭৩-৮১ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ দল হব পাৰে।

নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডে লাভ কৰিব পাৰে ৫৯-৬৭ খন আসন।

হাম পাৰ্টীয়ে লাভ কৰিব পাৰে ০-৪ খন আসন,বিকাশশীল ইনচান পাৰ্টীয়ে ৩-৭ খন আসন পোৱাৰ সম্ভাৱনা আছে।

আৰজেডিয়ে৫৬-৬৪, কংগ্ৰেছে১২-২০ খন আসন লাভৰ সম্ভাৱনা থকাৰ কথা প্ৰাক্ নিৰ্বাচনী সমীক্ষাত প্ৰকাশ।

বাও দলে লাভ কৰিব পাৰে ৯-১৯ খন আসন।

Back To Top