আজি দিছপুৰত AIUDF ৰ বিধায়কসকলৰ প্ৰতিবাদ। মন্ত্ৰীদ্বয় পিয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই AIUDF ৰ…
বিহাৰৰ জনাদেশক আদৰণি বিজেপি অসম প্ৰদেশৰ
কালি ঘোষণা কৰা বিহাৰ বিধান সভা নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা পুন: শাসনত অধিষ্ঠিত হোৱাত ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশে বিহাৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ভা জ পাৰ কেন্দ্ৰীয় নেতৃত্বক অভিনন্দন জ্ঞাপন কৰি সভাপতি গৰাকীয়ে এই ফলাফল প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সৰ্বস্পৰ্শী উন্নয়ন আৰু কুশল সাংগঠনিক নেতৃত্বৰ ফল হিচাপে অভিহিত কৰিছে ।