আজি দিছপুৰত AIUDF ৰ বিধায়কসকলৰ প্ৰতিবাদ। মন্ত্ৰীদ্বয় পিয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই AIUDF ৰ…
বিহাৰৰ নিৰ্বাচনত মোদী বনাম ৰাহুলৰ ৰাজনৈতিক শক্তিশেল
বিহাৰৰ বিধানসভা নিৰ্বাচন উপলক্ষে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাজ্যখনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শুকুৰবাৰে চাচাৰাম, গয়া আৰু ভাগলপুৰত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী সমাৱেশ। চাচাৰামত নিৰ্বাচনী সমাৱেশত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে উন্নয়নৰ সপক্ষে বিহাৰৰ জনতাক ভোট দিবলৈ আহ্বান জনায়। দৰিদ্ৰ আৰু দলিতসকলৰ বাবে কাম কৰা প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি প্ৰধানমন্ত্ৰীয়ে পিছ পৰা আৰু দৰিদ্ৰ শ্ৰেণীৰ উন্নয়নৰ হকে কাম কৰা জেডিইউ-বিজেপি মিত্ৰজোঁটক পুনৰ ক্ষমতাত অধিষ্ঠিত কৰিবলৈ বিহাৰবাসীলৈ আহ্বান জনায়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দেহেৰী আৰু ভাগলপুৰত প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে অংশগ্ৰহণ কৰিছে নিৰ্বাচনী অভিযানত। ২৮ অক্টোবৰত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণৰ পূৰ্বে ভাগলপুৰৰ উপৰি দাৰভাংগা, পাটনা আৰু মুজাফ্ফৰপুৰত কমেও ১২টা নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ সমাৱেশৰ বিপৰীতে বিৰোধীৰ মহাজোঁটৰ হকে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ভাগলপুৰ, নওৱাগা আৰু হিছুৱাত সমাৱেশত অংশগ্ৰহণ কৰে ৰাহুল গান্ধীয়ে। কোভিড-১৯ৰ ভয়াৱহতাৰ মাজতে শাসক-বিৰোধী উভয় পক্ষৰ নিৰ্বাচনী প্ৰচাৰ অভিযানে ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি তুলিছে। এইবাৰৰ বিধানসভা নিৰ্বাচনত বিহাৰত প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সুযোগ গ্ৰহণ কৰিছে কংগ্ৰেছ আৰু আৰজেডি মিত্ৰজোঁটে। বিৰোধী মহাজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী আৰজেডি নেতা তেজস্বী যাদৱেও ৰাহুল গান্ধীৰ সৈতে একেলগে সমাৱেশত অংশগ্ৰহণ কৰিছে।