Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
বিহাৰৰ পৰা অসমলৈ গেছৰ সংযোগ- চন্দ্ৰমোহন পাটোৱাৰী
অসমৰ উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সোমবাৰে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ইন্দ্ৰধনু গেছ গ্ৰীড পাইপলাইন আৰু বাৰুণী গুৱাহাটী গেছ পাইপলাইনৰ পুনৰীক্ষণ কৰে। বাৰুণী গুৱাহাটী গেছ পাইপলাইনে বিহাৰৰ বাৰুণীৰ পৰা গুৱাহাটীলৈ ৭২৯ কিলো মিটাৰ সংযোগ কৰিব। আনহাতে
ইন্দ্ৰধনু গেছ গ্ৰীড পাইপলাইনে নৰ্থ ইষ্ট গ্ৰীডৰ ১,৬৫৬ কিলো মিটাৰ বাৰুণী গুৱাহাটী গেছ পাইপলাইনৰ সৈতে সংযুক্ত কৰিব। এই প্ৰকল্পই উত্তৰ পূৱৰ ৮ খন ৰাজ্যক সাঙুৰি ল’ব। ২০২১ চনৰ ভিতৰত বাৰুণী গুৱাহাটী গেছ পাইপলাইন আৰু ২০২৪ ৰ ভিতৰত ইন্দ্ৰধনু গেছ গ্ৰীড পাইপলাইন সম্পূৰ্ণ হ’ব। ইয়াৰ বাবে মন্ত্ৰী গৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক ধন্যবাদ জনাই।