The Assam Cabinet on Friday announced that the state government will conduct examinations for students…
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণ
ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে অত্যাধিক মাচুল নিৰ্ধাৰণৰ ফলশ্ৰুতিত দেখা দিয়া সমস্যা সমাধান কৰিবলৈ এইবাৰ কঠোৰ হ’ল চৰকাৰ। ২০২০-২০২১ বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিলে বছৰেকীয়া মাচুল। সেই অনুসৰি প্ৰাক প্ৰাথমিকৰ মাচুল ২৭ হাজাৰ, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ২৭ হাজাৰ, ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ৩২ হাজাৰ টকা, একাদশ দ্বাদশ কলা শাখাত ৩২ হাজাৰ, একাদশ দ্বাদশ বিজ্ঞান শাখাত ৩৭ হাজাৰ , একাদশ দ্বাদশ বাণিজ্য শাখাত ৩৩ হাজাৰ আৰু অন্যান্য শাখাত মাচুল ৩৫ হাজাৰ। আনহাতে ইয়াত যাতায়াত মাচুল সন্নিবিষ্ট কৰা হোৱা নাই। এই আদেশ অমান্য কৰিলে কঠোৰ হ’ব ৰাজ্য চৰকাৰ।