A woman was found inside a box in Guwahati’s Lalung Gaon on Thursday evening, June…
ব্ৰহ্মপুত্ৰত আৱদ্ধ এম.ভি মহাবাহু
এন.এন ব্যুৰো, ৭ মাৰ্চঃ অসমতো বিৰাজ কৰিছে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ আতংকই। আমেৰিকাৰ এজন পৰ্যটকে অসম ভ্ৰমণ কৰি যোৱাৰ পাচতেই তেওঁৰ শৰীৰত ধৰা পৰা ক’ৰোনা ভাইৰাছৰ খবৰ পোহৰলৈ অহাৰ পাচতেই আতংকিত হৈ পৰিছে সকলো। পৰ্যটকজনে ভ্ৰমণ কৰা প্ৰতিটো অঞ্চল, হোটেলৰ লগতে সকলোতে গঢ়ি তোলা হৈছে স্বাস্থ্য পৰীক্ষা। মাজুলীৰ পৰা গুৱাহাটীলৈ পৰ্যটকজন অহা এমভি মহাবাহু জাহাজকো এতিয়া আছুতীয়াকৈ ৰখাই থোৱা হৈছে ব্ৰহ্মপুত্ৰৰ মাজত। একুৰিৰো অধিক পৰ্যটক থকা এই জাহাজখন কমলাবাৰী ঘাটৰ পৰা ওভতাই পুনৰ নিমাতীঘাটলৈ পঠোৱা হৈছে। নিমাতীঘাটতেই জাহাজখনত থকা ২৯ গৰাকী কৰ্মচাৰী আৰু পৰ্যটকসকলক স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।