After a long bout of serious illness, former Pakistan President and chief of Army staff…
ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ তিনিতৰপীয়া ক’ভিড ১৯ বন্ধ
ব্ৰিটিছ প্ৰধান মন্ত্ৰী ব’ৰিছ জনছনে সোমবাৰে ইংলেণ্ডত তিনি তৰপীয়া ক’ভিড ১৯ বন্ধ প্ৰৱৰ্তন কৰে। সংক্ৰমণৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰদান কৰে লকডাউন। সংক্ৰমণৰ হাৰ মূলত অতি বেছি, বেছি আৰু মধ্যম- এই তিনিটা ভাগত ভাগ কৰা হ’ব।
অতি বেছি সংক্ৰমণ হোৱা ঠাই সমূহত কটকটীয়াভাৱে বন্ধ দি কেৱল চিকিৎসালয় খোলাৰ ব্যৱস্হা কৰা হ’ব।
সংসদত প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন নিয়মবোৰ সৰল আৰু কিছু পৃথক। সংসদৰ সদস্যৰ উদ্দেশ্য তেওঁ প্ৰকাশ কৰে যে আমি কাহানিও কল্পনা নকৰা এটি জীৱন যাপন কৰিব লগা হৈছে। য’ত কাঁইটীয়া পথেৰে আগবাঢ়ি সমাজ আৰু অৰ্থনীতিত গুৰুত্ব আৰোপ কৰিব লগা হৈছে। তেওঁ ব্যক্ত কৰে যে যদিও দুঃসময় তথাপি সকলোৱে হাতে হাত ধৰি আগবাঢ়িলে জয় লাভ কৰা নিশ্চিত ।