At least 85 people have died of Japanese Encephalitis (JE) in Assam in the last…
ভাল খবৰ! শীঘ্ৰেই উপলব্ধ হ’ব কৰোণা ভেকচিন
সমগ্ৰ বিশ্ববাসীৰ সমুখত এতিয়া এটাই প্ৰশ্ন- কেতিয়ালৈ উপলব্দ হ’ব ক’ৰনাৰ ভেকচিন? বেংগালুৰুস্থিত বায়’কন লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কিৰণ মজুমদাৰ শ্বৰ মন্তব্যই আশা কঢ়িয়াই আনিছে সকলোৰে বাবে। জীৱনদায়িনী ঔষধ নিৰ্মাণ প্ৰতিষ্ঠান বায়’কনৰ সঞ্চালকগৰাকীয়ে জনাইছে যে কোভিড-১৯ ভেকচিনক লৈ কোটি কোটি মানুহৰ মনত আশাৰ কিৰণ উদ্ভাসিত হৈছে। অতি কম দিনৰ ভিতৰতে মানুহে স্বাভাৱিক জীৱনযাত্ৰা কৰিব পাৰিব বুলি আশা কৰা হৈছে। ভাৰতত ২০২১ চনৰ জুন মাহৰ ভিতৰতে উপলব্ধ হ’ব ভেকচিন। তেওঁ কয় এষ্ট্ৰাজেনেকা বা ভাৰত বায়’টেকৰ দ্বাৰা নিৰ্মিত কোভাক্সিনৰ ওপৰত আমি ভৰষা স্থাপন কৰিব পাৰো। আগন্তুক তিনি মাহৰ ভিতৰতে এই দুয়োটা ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল সম্পন্ন হ’ব। ২০২১ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰীৰ ভিতৰত এষ্ট্ৰাজেনেকা আৰু ভাৰত বায়’টেকৰ ভেকচিনে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰিব। ফলত আগন্তুক বিত্তীয় বৰ্ষত প্ৰথম তিনি মাহৰ ভিতৰতে বজাৰলৈ আহিব ক’ৰনা ভেকচিন। উল্লেখ্য যে বৃহস্পতিবাৰে ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডক কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰাৰ অনুমতি দিয়ে ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই।