The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
ভাৰতত বাঢ়ি আছে কোৰোণা আক্ৰান্তৰ সংখ্যাঃ এই পৰ্যন্ত দুজনৰ মৃত্যু
এন.এন ব্যুৰো, ১৪ মাৰ্চঃ সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টিকাৰী ক’ৰোণাৰ কোপদৃষ্টি পৰিছে ভাৰততো। বিশ্বজুৰি পাঁচ সহস্ৰাধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ভাৰতত এই পৰ্যন্ত মৃত্যু হৈছে দুগৰাকীকৈ লোকৰ। বৰ্তমানলৈকে ভাৰতত ৮৩ জন লোক আক্ৰান্ত হৈছে এই মহামাৰী ভাইৰাছত। দেশৰ ৰাজধানী দিল্লীৰ লগতে অন্য কেতবোৰ ৰাজ্য আৰু মহানগৰত ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে সকলো বিদ্যালয়-মহাবিদ্যালয়, শ্বপিং মল, চিনেমা হলৰ লগতে কাৰ্য্যালয়সমূহো। পশ্চিমবংগৰো বিদ্যালয়-মহাবিদ্যালয় সমূহ বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। আগন্তুক ৩১ মাৰ্চ পৰ্য্যন্ত ৰাজ্যখনৰ প্ৰতিটো শিক্ষানুষ্ঠান বন্ধ থকাৰ বিপৰীতে উচ্চ মাধ্যমিক পৰীক্ষাসমূহ সূচী অনুসৰিয়েই চলি থাকিব। ইফালে এক বিশেষ জাননীৰ জৰিয়তে শনিবাৰে কেন্দ্ৰীয় চৰকাৰে ক’ৰোণাত মৃত্যু হোৱা প্ৰতিজন লোকৰ পৰিয়াললৈ ৪ লাখকৈ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। অসমতো ক’ৰোণা আতংকই বিৰাজ কৰিছে। বৰপেটাৰ এটা চিকিৎসক দম্পতীলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে স্বাস্থ্য বিভাগে। কিছুদিন পূৰ্বে ছৌদি আৰৱ ভ্ৰমণ কৰি উভতি অহা চিকিৎসক দম্পতীক ১৪ দিন পৰ্যন্ত বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে স্বাস্থ্য বিভাগে। আছুতীয়াকৈ দুয়োজনৰে স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিছে চিকিৎসকৰ দলটিয়ে। লক্ষ্যণীয়ভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজৰ স্বাস্থ্যজনিত নিৰাপত্তাৰ কথা চিন্তা কৰি তেওঁৰ সকলো কাৰ্য্যসূচী বাতিল কৰিছে যদিও ৰাজ্যখনৰ স্কুল-কলেজ বা অন্যান্য চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান আদি চলি থাকিবলৈ দিয়া হৈছে। আনহাতে বিশ্ব স্বাস্থ্য সংস্থাই কোৰোণাৰ শেহতীয়া সংক্ৰমণক মহামাৰীতকৈও ভয়াৱহ, অতিমাৰী বুলি ঘোষণা কৰিছে।